● অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক ৫৯,৪৯০ হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্রদেশে ১৬,১৪৪, মেঘালয়ে ৩,৪৪১ আৰু মিজোৰামে ৩,৬৭৫ হেক্টৰ ভূমি দখল কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিসমূহ দখলমুক্ত কৰাৰ লগতে ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনা অন্তিম পর্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কালি বিধানসভাত এই কথা প্রকাশ কৰে। তেওঁ কয় যে অসম-মেঘালয় আৰু অসম-অৰুণাচল প্ৰদেশৰ বুজাবুজিৰ চুক্তি মতে ভাৰতীয় জৰীপ বিভাগে বৰ্তমান ভূমি জৰীপৰ কাম কৰি আছে আৰু এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে ভূমিৰ সম্পূৰ্ণ তথ্য পোৱা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে অসম-মেঘালয়ৰ মাজত ১২টা এলেকাত সীমা বিবাদ আছে। এই ১২টা এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ত ছটা অঞ্চলৰ বাবে তিনিখনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু দুয়োখন ৰাজ্যৰে আঞ্চলিক সমিতিসমূহে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। সেই অনুযায়ী দুয়োখন ৰাজ্যৰ চৰকাৰৰ যুটীয়া সিদ্ধান্ত মৰ্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ে দাবী কৰা ৬টা অঞ্চল সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্য চৰকাৰে ১২খনকৈ আঞ্চলিক সমিতি গঠন কৰিছে। এই সমিতিসমূহেও প্রতিবেদন দাখিল কৰিছে৷ অৰুণাচল প্রদেশে দাবী কৰা ১২৩খন গাঁও সম্পর্কে কেন্দ্রীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ইতিমধ্যে চুক্তিও সম্পাদন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।
Site Admin | March 6, 2025 11:01 AM | Akashvani Guwahati | Assam Assembly | Atul Bora
অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছেঃ অতুল বৰা
