অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত প্ৰকাশ কৰি কয়, যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই অনুসৰি জাপানে অসমত এটা ভাষা কেন্দ্র স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই কেন্দ্ৰটোত ৯ মাহৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ’ব। প্ৰশিক্ষণপ্রাপ্ত লোকসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানসমূহত চাকৰি লাভ কৰাৰ লগতে ৫০ হাজাৰ যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি ছিংগাপুৰতো অসমীয়া যুৱক-যুৱতীৰ বাবে নিযুক্তিৰ পথ প্ৰশস্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ চৰকাৰী নাৰ্চিং মহাবিদ্যালয়সমূহত ছিংগাপুৰে ইংৰাজী বিষয়ত পাঠ দান কৰিবলৈ আগ্রহ প্রকাশ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এডভান্টেজ আছাম সন্মিলনৰ বাবে বৰ্তমানলৈ ৭ হাজাৰৰো অধিক প্রতিষ্ঠানে পঞ্জীয়ন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ফেব্ৰুৱাৰীত উদ্বোধন কৰিবলগীয়া দুদিনীয়া সন্মিলনলৈ ৩১ খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি ভূটান, জাপান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, থাইলেণ্ড আৰু মালয়েছিয়াই এই সন্মিলনৰ সহযোগী ৰাষ্ট্ৰ হিচাপে অংশ ল’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। এই সন্মিলনত ফিনলেণ্ড, ফিলিপিন্স, আইচলেণ্ড, অষ্ট্ৰিয়া আৰু দক্ষিণ কোৰিয়াইয়ো অংশ ল’ব। তদুপৰি কেবাটাও আগশাৰীৰ উদ্যোগগোষ্ঠীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। এই সন্মিলনত পৰ্যটন, নৱীকৰণযোগ্য শক্তিখণ্ড, হাইড্ৰ’ কার্বন ইলেকট্রনিক্স আৰু ছেমিকণ্ডাক্টৰ, এৰো স্পেছ আৰু প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন, বাঁহ উদ্যোগ আৰু বহনক্ষম কৃষিকে ধৰি কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত ৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আলোচনাৰ অনুষ্ঠানত অংশগ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, কেইবাখনো বিদেশী ৰাষ্ট্ৰত বাহাল থকা ভ্রমণজনিত পৰামৰ্শ বিধিৰ পৰিপ্ৰেক্ষিতত অসমত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত সমস্যা হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কেইবাখনো ৰাষ্ট্ৰক এনেধৰণৰ বিধিসমূহ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
Site Admin | February 16, 2025 11:51 AM | Advantage Assam 2.0 | Assam CM
অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা
