অসমৰ পাঁচটা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কালি শেষবাৰৰ বাবে ভোটদাতাৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহে চেষ্টা চলোৱা পৰিলক্ষিত হয়।
এই উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিদলী আসনখনৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থী আৰু বঙাইগাঁও আসনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১০ লাখতকৈও অধিক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।