অসমৰ ৪ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৭৪.৮৬ শতাংশ অধিক ভোটদান

ৰাজ্যৰ ৪ টা সমষ্টিত আজি ৫ বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্রদান কৰি থকা হৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৭৪.৮৬ শতাংশ অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰতিকূল বতৰ স্বত্বেও আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দিঘলীয়া শাৰী পৰিলক্ষিত হয়। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদাতাসকলে জানিবলৈ দিছে। এই বাতৰি যুগুতোৱাৰ সময়লৈকে গুৱাহাটী সমষ্টিত ৬৭.৬৭ শতাংশ, বৰপেটা সমষ্টিত ৭৬.২০ শতাংশ, কোকৰাঝাৰত ৭৪.২৪ শতাংশ আৰু ধুবুৰীত ৭৯.৭০ শতাংশ ভোটদান সম্পন্ন হৈছে। – এই পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যখনত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ত ৯,৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ আৰু ৪০ লাখৰো অধিক মহিলা ভোটদাতা। তদুপৰি ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছিল। এই পৰ্যায়ত ৭৩,৬৯০ গৰাকী বিশেষভাৱে সক্ষম, ৪০,৭০৫ জন ৮৫ বছৰৰ উৰ্ধৰ আৰু ২ লাখ ১০ হাজাৰ ১৭৭ জন নতুন ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰে। তৃতীয় পৰ্যায়ত নগৰ অঞ্চলত ১,৪৭৪টা আৰু গ্ৰামাঞ্চলত ৮,০৪২ টা ভোটকেন্দ্ৰত ভোটগ্রহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক