April 27, 2024 6:26 PM | CM CAMPAIGN

printer

অসমৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত

ৰাজ্যখনৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমৰ ৫টা সমষ্টিত ৪টাতে জয়লাভ কৰিব বুলি আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত প্ৰচাৰ চলাই ড০ শৰ্মাই অনাগত দিনত নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলি দাবী কৰে। কেইবাহাজাৰৰো লোক উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীয়ে ৰাইজক সামগ্রিকভাৱে ভোটদানৰ বাবে আহ্বান জনায়। সভাত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মুখ্যমন্ত্রী ড০ শর্মাই বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বাৰোবাৰীতো এখন নির্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কোকৰাঝাৰ লোকসভা সমষ্টিব প্রার্থী শ্রীবসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিৰোধী কংগ্ৰেছ আৰু বি পি এফ দলক তীব্র সমালোচনা কৰে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ পৰহিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই আজি গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰিব দলটোৱে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিয়াৰ উপৰি ৫টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু ২৫টা গেৰাণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে। ইয়াৰ পাছত কংগ্ৰেছ সভাপতিগৰাকীয়ে বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ কৈয়াকুচিত এখন নির্বাচনী সভাত অংশ লয়। সভাত শ্রীখাৰ্গেয়ে দলটোৱে শাসনলৈ আহিলে মহিলাসকলক বিত্তীয় সাহাৰ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ প্রতিশ্রুতি দিয়ে। শাসনাধিস্থ বিজেপি দলক তীব্র সমালোচনা কৰি শ্ৰীখাৰ্গেই কয় যে, কংগ্ৰেছে বিজেপিৰ দৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান নকৰি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেও অহোপুৰুষাৰ্থ কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি চিৰাং জিলাত বি পি এফ, জি এছ পি আৰু অন্যান্য দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক