July 9, 2024 8:45 PM | Assam Flood

printer

অসমৰ ২৭ জিলাৰ ৯১টা ৰাজহ চক্ৰৰ ৩,১০০ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত

বান ক্ষতিগ্রস্ত অসমত সাহায্য আৰু পুনৰসংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্রীয় শক্তি, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ-পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ৰাজ্যখনত বানত হোৱা ক্ষয়- ক্ষতিৰ মূল্যায়ন অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই মূল্যায়ন সম্পন্ন হোৱাৰ পাছতেই পেকেজ ঘোষণা কৰিব। ইফালে, ৰাজ্যত বানৰ প্ৰকোপ সামান্য হ্ৰাস পাইছে যদিও এতিয়াও ২৭খন জিলাৰ ৯১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ১৮ লাখ ৮০ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ দুজন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বান ত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৪লৈ বৃদ্ধি হৈছে। যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী কিছু হ্ৰাস পাইছিল যদিও আজি দিনৰ ভাগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা ২৪৫টা আশ্রয় শিবিৰত ৪৮ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, নগাঁও, ডিব্ৰুগড়, নলবাৰী আৰু গোৱালপাৰা জিলাত এতিয়াও বান পৰিস্থিতি জটিল হৈ আছে। আনহাতে ৪৯ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। বান বিধবস্ত অঞ্চলত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। এন ডি আৰ এফৰ দলে কাচাৰ, বৰপেটা, বঙাইগাঁও, ডিব্ৰুগড় আৰু যোৰহাট জিলাত অভিযান অব্যাহত ৰখাৰ লগতে এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে অন্যান্য অঞ্চলসমূহত সহায় আগবঢ়াইছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত এতিয়াও ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে বুঢ়ীদিহিং, দিখৌ, দিচাং, কপিলী আৰু কুছিয়াৰা নৈৰ পানীও বিপদসীমাৰ ওপৰত আছে। চৰকাৰে বান ক্ষতিগ্ৰস্ত জনতাক সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। নগাঁও জিলাৰ কলিয়াবৰত হাতীমূৰা মথাউৰি বানে চিঙি নিয়াৰ পাছত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। আজি মন্ত্ৰী কেশৱ মহন্তই কালি বানত মৃত্যু হোৱা ৰজনী বৈষ্ণৱৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে মৃত ব্যক্তিগৰাকীৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত আজি ইয়াৰ কাৰিকৰী তদন্তৰ দাবী উত্থাপন কৰে। তেওঁ লগতে অসমৰ বান আৰু খহনীয়াক ৰাজ্যিক তালিকাৰ পৰা ৰাষ্ট্ৰীয় সমৱৰ্তী তালিকালৈ লৈ যোৱা, ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰাধিকৰণ গঠন কৰা আদি দাবী উত্থাপন কৰে। যোৰহাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰা হয়। নিমাতী অঞ্চলৰ ৰাইজৰ সহায় হোৱাকৈ বৰআলি ৰংগমঞ্চত আয়োজিত এই শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি ঔষধ বিতৰণ কৰা লহয়। শোণিতপুৰ জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন অঞ্চলৰ চৰণীয়া পথাৰসমূহ বানত বুৰ গৈ থকাত পশু খাদ্যৰ নাটনি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পশু চিকিৎসা বিভাগে আজি চতিয়াত পশু খাদ্য বিতৰণ কৰে। কৰিমগঞ্জ জিলাৰ কেইবাটাও অঞ্চল বানত বুৰ গৈ আছে। জিলাখনৰ ৬০টা অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। ৪৩টা আশ্রয় শিবিৰত ৩ হাজাৰ ৫০০ৰো অধিক লোকে আশ্রয় লৈ আছে। ইফালে, গোৱালপাৰা জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলাখনলৈ এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। জিলাখনৰ ২৭৪খন গাঁও বানৰ কবলত থকাৰ লগতে ৮০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্রশাসনে ১২টা আশ্রয় শিবিৰত আশ্ৰয় লৈ থকা ৩ হাজাৰ ৪০০ৰো অধিক লোকক বান সাহায্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰ বৈ থকাৰ লগতে সম্প্ৰতি ৬৫খন গাঁৱৰ ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈ আছে।

অধিক পঢ়ক

সকলো চাওক