অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্ৰায় ১৭ হাজাৰ ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিত এন ডি এৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছ প্রার্থী দ্বীপ বায়নতকৈ ১২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলতৈ ৪২ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱাল বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈতকৈ ৩৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ডিফু সমষ্টিত নির্দলীয় প্ৰাৰ্থী জে আই কাঠাৰতকৈ বিজেপিৰ অমৰ সিং টিছ’ই শেহতীয়া গণনা অনুসৰি অগ্ৰগতি লাভ কৰিছে। যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ ১৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিতকৈ ২৪ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ দলৰ গৰ্জন মুছাহাৰীতকৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৪ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাই নিকটতম প্রতিদ্বন্দ্বী উদয়শংকৰ হাজৰিকাতকৈ ২৫ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰেমলাল গঞ্জতকৈ ৫১ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। আনহাতে নগাঁৱত বিজেপি প্রার্থী সুৰেশ বৰাতকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ১০ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। গুৱাহাটী লোকসভা সমষ্টিত এন ডি এ প্রার্থী বিজুলী কলিতা মেধীয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীতকৈ ৭ হাজাৰৰো অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে। শিলচৰত এন ডি এ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই নিকটতম প্রতিদ্বন্দ্বি সূর্যকান্ত চৰকাৰতকৈ ৯ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।    

অধিক পঢ়ক

সকলো চাওক