বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাষাৰ বৰষুণৰ পাছত বতৰ ফৰকাল হৈছে যদিও অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ আছে। কপিলী আৰু কুশিয়াৰাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত আছে। এই বানত ৰাজ্যৰ ৩লাখ ৫৩হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২০টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। আনহাতে ১২৫ টা সাহায্য বিতৰণ কেন্দ্ৰত অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি থকা হৈছে। ইফালে ৰাজ্যৰ জলসম্পদ তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি জিলাখনৰ নদী খহনীয়া আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে বিয়লিলৈ বৰ্তমানৰ বান পৰিস্থিতিৰ বিষয়ে জিলাখনৰ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে বিভাগীয় বিষয়াসকলৰ লগতো পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিব। কাইলৈ তেওঁ কৰিমগঞ্জৰ লগতে কাছাৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব।
Site Admin | June 23, 2024 12:20 PM | Assam Flood
অসমৰ ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০০০ৰো অধিক গাঁও বানৰ কবলত
