June 2, 2024 1:00 PM | Assam Flood

printer

অসমৰ ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত বানৰ ফলত ৩ জন লোকে প্রাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৯৭ খন গাঁও প্লাৱিত হৈছে আৰু ৪,৮০০ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলা কেইখনত মুঠ ১৮৭টা সাহায্য শিবিৰ আৰু ৯৬টা বান সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। বিগত ২৪ ঘণ্টাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম বেটেলিয়নৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাচাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, ৰাজ্যখনত কালি বাঢ়নী পানীয়ে বিভিন্ন জিলাত ২৭টা পথ, মথাউৰি আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰে। ব্ৰহ্মপুত্ৰৰ পানী তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰাত ক্রমৎ বৃদ্ধি পাইছে। কপিলী, ধনশিৰি, পাগলাদিয়া, বুঢ়ীদিহিং আৰু কুশিয়াৰা নৈৰ পানীও ভালেমান ঠাইত বাঢ়িবলৈ লৈছে। ইফালে, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত বীমাল প্রভাৱত উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকতাত্মীয়লৈ দুই লাখ টকাৰ এককালীন সাহায্য আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক