প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ’বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ কামৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত চাৰিটা এনে প্রকল্প স্থাপন কৰিবলৈ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভৱিষ্যমুখী দীর্ঘস্থায়ী শক্তি সম্পৰ্কীয় দৃষ্টিভংগীৰ অধীনত ৰাজহুৱা খণ্ডৰ গোটলৈ আগবঢ়োৱা বিনিয়োগ আৰু ব্যক্তিগত উদ্যমীৰ সৈতে সহযোগিতাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ অংশ হিচাপে প্রতিষ্ঠানটোৱে এই প্ৰকল্পকেইটা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
নগৰীয়া গোটা আৱৰ্জনাক জৈৱ গেছলৈ ৰূপান্তৰৰ জৰিয়তে অর্থনীতি, পৰিৱেশ তথা সমাজৰ প্ৰতি বৰঙনি আগবঢ়োৱাৰ উদ্দেশ্যৰে অইল ইণ্ডিয়া লিমিটেডে এই আঁচনি ৰূপায়ণ কৰিবলৈ লৈছে। ইয়াৰ জৰিয়তে দৈনিক ১২৫ টন আৱৰ্জনা নিষ্কাষণ কৰি তাৰ পৰা দিনটোত প্ৰায় ২ টন পৰিমাণৰ সংকুচিত জৈৱ গেছ উৎপাদন কৰিব পৰা হ’ব। ইয়াৰ ফলত প্ৰদূষণৰ পৰিমাণ উল্লেখনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে কর্ম সংস্থাপনো সুযোগ বৃদ্ধি পাব। প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত অসমৰ চাৰিওটা স্থানতে বহুকেইগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে উদ্যোগ জগতকে ধৰি সমাজৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে।
Site Admin | October 2, 2024 3:36 PM | narendra modi | PMO | PMO India