ডাউনলোড
মোবাইল এপ

android apple
signal

January 6, 2025 6:14 PM | Advantage Assam CM

printer

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০২৩-২৪ বৰ্ষত ৬৮.৭৮ বিলিয়ন ডলাৰৰ অধিক হৈছে : মুখ্যমন্ত্ৰী

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৮ দশমিক ৭-৮ বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আসাম শীর্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে এটা ৰোড শ্বত অংশ লোৱাৰ পূৰ্বে সংবাদ মাধ্যম আৰু বিভিন্ন উদ্যোগ জগতৰ প্ৰতিনিধিৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এসময়ত উগ্ৰপন্থী সমস্যা আৰু অশান্তি জৰ্জৰিত কৰা অসমত সম্প্ৰতি ইতিবাচক ৰূপান্তৰ ঘটিছে। তেওঁ লগতে এডভান্টেজ আসাম শীৰ্ষ সন্মিলনৰ বিষয়ে সবিশেষ তথ্য নিজৰ ভাষণত দাঙি ধৰে। ইয়াৰ আগেয়ে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে টাটা গোটকে ধৰি দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীৰ নেতৃবৰ্গক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। ২০১৮ চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিবলগীয়া এই সন্মিলনত দেশৰ লগতে বিদেশৰো ভালেসংখ্যক উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্রী এই ভ্রমণ কালতে প্রায় ১ লাখ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাবলৈ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত ৮ হাজাৰ কোটি টকা ব্যয়ৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা ৫ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰা, ১০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী-কুৰুৱা সংযোগী দলং, গুৱাহাটী ৰিং ৰোড, গুৱাহাটা ভুটান সংযোগী ৰে’ল পথ নিৰ্মাণকে ধৰি কেইবাটাও প্রকল্প লোৱা হৈছে। এই প্রকল্পসমূহ কাৰ্যকৰী হোৱাৰ পাছত অসমে আন্তঃগাঁথনিগত দিশত ভালেখিনি আগবাঢ়ি যাব আৰু ৰাজ্যখনৰ বিনিয়োগৰ বাবে সূচল স্থান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক