অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা বিশেষে তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে। সম্প্রতি বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্রার্থী মাধৱ ৰাজবংশীতকৈ ৭২ হাজাৰ ভোটত আগবাঢ়ি আছে। আমাৰ সংবাদদাতাই দিয়া শেহতীয়া তথ্য অনুযায়ী যোৰহাট সমষ্টিত শিৱসাগৰ নিৰ্বাচনী জিলাত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা চলি আছে। অৱশ্যে সমষ্টিটোৰ যোৰহাট নির্বাচনী জিলাত চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা চলি আছে। মাজুলী নির্বাচনী জিলাত পঞ্চম ৰাউণ্ডৰ ভোটগণনা চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমষ্টিটোত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ সামগ্ৰিকভাৱে ৩৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে নগাঁৱত মৰিগাঁও নির্বাচনী জিলাত সামগ্রীকভাৱে ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা চলি আছে। সামগ্রীকভাৱে সমষ্টিটোত বিজেপি প্রার্থী সুৰেশ বৰাতকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ২৩ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। কাজিৰঙা সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে আৰু চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা চলি আছে। বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিতকৈ ৫২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিৰ বঙাইগাঁও নির্বাচনী জিলাত পঞ্চম ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে। সামগ্ৰিকভাৱে সমষ্টিটোত এন ডি এৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছ প্রার্থী দ্বীপ বায়নতকৈ ৩৪ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলতকৈ এক লাখ ৪৯ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ডিব্ৰুগড় সমষ্টিত তিনিচুকীয়া নিৰ্বাচনী জিলাত তৃতীয় ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে। সামগ্রি ভাবে সমষ্টিটোত বিজেপিৰ সৰ্বানন্দ সোণোৱাল বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈতকৈ ৬৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ডিফু সমষ্টিত নির্দলীয় প্রার্থী জে আই কাঠাৰতকৈ বিজেপিৰ অমৰ সিং টিছ’ই শেহতীয়া গণনা অনুসৰি ৮ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ দলৰ গৰ্জন মুছাহাৰীতকৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ১০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাই নিকটতম প্রতিদ্বন্দ্বী উদয়শংকৰ হাজৰিকাতকৈ ৫২ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰেমলাল গঞ্জতকৈ ৯৯ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। গুৱাহাটী লোকসভা সমষ্টিত এন ডি এ প্রার্থী বিজুলী কলিতা মেধীয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীতকৈ ৫৩ হাজাৰৰো অধিক ভোটত অগ্রগতি লাভ কৰি আছে। শিলচৰত এন ডি এ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই নিকটতম প্রতিদ্বন্দ্বি সূর্যকান্ত চৰকাৰতকৈ ৪৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ইফালে কৰিমগঞ্জত আমাৰ সংবাদদাতাই দিয়া তথ্য অনুযায়ী দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা সম্পূৰ্ণ হৈছে। সমষ্টিটোৰ কংগ্ৰেছ প্রার্থী হাফিজ ৰচিদ আহেমদ চৌধুৰী ১০ হাজাৰতকৈ অধিক ভোটত বিজেপিৰ কৃপানাথ মাল্লাহতকৈ আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক