April 27, 2024 5:31 PM | Money Seized

printer

অসমৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ

অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ ১৪১টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি ৯ বজালৈকে নির্বাচনী আচৰণবিধি উলংঘনৰ ১৪১টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে ১৩৬টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু ৫টা অভিযোগ বিবেচনাধীন হৈ আছে। নির্বাচনী ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰিহি ৯ বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। ৰাজ্যত বৰ্তমানলৈকে ১০৫ কোটি ৫০ লাখ টকা মূল্যৰ মাদক দ্ৰব্য আৰু ২৮ কোটি ১০ লাখ টকাৰ মূল্যবান ধাতু জব্দ কৰা হৈছে বুলি কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। যোৱা বৃহস্পতিবাৰৰ পুৱা ৬ বজালৈকে আইন বলবৎকাৰী সংস্থাসমূহে ২৯টা অস্ত্ৰ আৰু ৭২টা কাৰ্টিজ জব্দ কৰিছে।

অধিক পঢ়ক

সকলো চাওক