May 17, 2024 12:20 PM | Weather report

printer

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত

অসমৰ বিভিন্ন জিলাত বিগত দুদিন ধৰি গ্ৰীষ্ম প্রবাহ অব্যাহত আছে। কালিৰ দিনটোত ৰাজ্যখনৰ তাপমাত্রা আছিল ৩৬ ডিগ্রী ছেলচিয়াছ। যদিও ঠায়ে ঠায়ে তাপমাত্র ৪২ ডিগ্রী পর্যন্ত অনুভৱ হৈছিল। আজিৰ দিনটোত ৩৫ ডিগ্রী পর্যন্ত তাপমাত্র অনুভৱ হব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। বিভাগে অহা সোমবাৰ পৰ্যন্ত ছিকিম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ৰ ঠাইবিশেষতো ধাৰাসাৰ বৰষুণৰ হোৱাৰো আগলিবতৰা দিছে। পশ্চিম ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ কিছু অংশতো ২০ মে’ পর্যন্ত গ্রীষ্মপ্ৰবাহৰ আশংকা কৰা হৈছে। বিভাগে কাইলৈৰ পৰা পূব আৰু মধ্য ভাৰততো এই গ্রীষ্মপ্ৰবাহৰ প্ৰভাৱ পৰাৰ আগজাননী দিছে। উত্তৰ-পশ্চিম, মধ্য, পূব ভাৰত, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বহু অঞ্চলত পৰৱৰ্তী ৩-৪ দিনলৈ সর্বোচ্চ উষ্ণতা ক্রমান্বয়ে প্রায় ২-৪ ডিগ্ৰী চেলছিয়াছ পর্যন্ত বৃদ্ধি হ’ব পাৰে বুলিও বিভাগে জানিবলৈ দিছে। বিভাগে ২২ মে’লৈকে ভাৰতৰ দক্ষিণ অংশত পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। বিভাগৰ তথ্য অনুসৰি অহা কেইটামান দিনত তামিলনাডু, পুডুচেৰী, কৰাইকাল, কেৰালা, মাহে আৰু কৰ্ণাটকৰ দক্ষিণ অংশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।                   

অধিক পঢ়ক

সকলো চাওক