কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত অনুমোদন জনাইছে। ৰাজ্যবাসীৰ বাবে এয়া নিশ্চিতভাৱে সুখবৰ বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্রী বণজিত কুমাৰ দাসে মত প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, আটাইবোৰ জিলাৰ জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ উপৰি অনুসূচিত জাতিৰ বসতিপ্রধান জিলা হিচাপে ধেমাজি, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাই অধিক সংখ্যক গৃহ লাভ কৰিব। দৰিদ্ৰ জনসাধাৰণৰ বাবে লোৱা এই পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ লগতে সচিব মুনিন্দ্ৰনাথ শৰ্মা আৰু আয়ুক্ত জয়শিৱানী উপস্থিত থাকে। উল্লেখযোগ্য যে বৰ্তমানলৈকে ৰাজ্যত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৯ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে।
Site Admin | September 8, 2024 11:49 AM | PMAY House Allotment
অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন
