ডাউনলোড
মোবাইল এপ

android apple
signal

December 1, 2024 12:54 PM | CM Meet

printer

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ উদ্দেশ্যেৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। মুখ্যমন্ত্রী ড০ শৰ্মাই আই আই টি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানত ভাগ লোৱা বিজ্ঞানীসকলৰ পৰা অসমৰ বান নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱনৰ বাবে পৰামৰ্শ বিচাৰে। ইফালে মন্ত্রী শ্রীসিংঘালে কালি দিছপুৰত মুখ্য সচিব ৰবি কোটা আৰু বিভাগীয় বিষয়াৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বাৰিষাৰ পূৰ্বে বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত বিভিন্ন বিভাগে হাতত ল’বলগীয়া কাম-কাজ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবেও প্ৰস্তাৱিত ড্রেইনেজ, মাষ্টাৰ প্লান সন্দৰ্ভতো আলোচনা কৰা হয়। বানমুক্ত গুৱাহাটী কৰাৰ বাবে গুৱাহাটীৰ একাংশ নাগৰিকে চৰকাৰলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। বৈঠকত এই পৰামৰ্শসমূহো বিতংভাৱে আলোচনা কৰা হয়। মন্ত্রী শ্রীসিংঘালে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলক বাৰিষাৰ পূৰ্বে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক