July 7, 2024 11:24 AM | Assam Flood

printer

অসমৰ বান পৰিস্থিতি শোচনীয়; অহা চাৰিটা দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ আশংকা

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈয়ে আছে। ঠায়ে ঠায়ে বানৰ প্ৰকোপ কিছু হ্রাস পালেও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত অহা চাৰিটা দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰি অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রইও আজি নামনি অসমৰ বিভিন্ন স্থানত বৰষুণ আহিব বুলি আগলি বতৰা দিছে। ফলস্বৰূপে ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলিও আশংকা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩,৫৩৫ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২৩ লাখ ৯৬ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৬৮ হাজাৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। মুঠ ২৯৩ টা বান শিবিৰত ৫৩ হাজাৰৰো অধিক বানপীড়িতই আশ্ৰয় লৈ আছে। আনহাতে, কালিৰ দিনটোত আৰু ছজন লোকৰ মৃত্যু হোৱাৰ ফলত চলিত বৰ্ষৰ বানত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ লৈ বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা কৃত্রিম বানত স্বাভাৱিক জীৱনযাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ আৰু উপ-পথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ইপিনে, ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ ফলত গোৱালপাৰা জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। সাম্প্রতিক বানত জিলাখনৰ ২৯৭ খন ৰাজহ গাঁও প্লাৱিত হৈ ৮০,৩৭৭ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিত সর্বাধিক ১৮৫ খন গাঁও প্লাৱিত হৈছে। মাটিয়া ৰাজহ চক্ৰত তিনিটা আৰু বালিজানা ৰাজহ চক্ৰত ১০ টা আশ্রয় শিবিৰ স্থাপন কৰি মুঠ ৫,৩২৪ গৰাকী বানপীড়িতক আশ্রয় প্ৰদানৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে। প্ৰশাসনে ১২ টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি সাহায্য বিতৰণ কৰি আছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদম টেঙাবস্তি, বাগানগাঁও আৰু গজিশলা আদিতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। কাকৈ নৈ, গোমনদী আৰু চেনিমাই নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁৱত জলপ্ৰলয় সৃষ্টি কৰাৰ সমান্তৰালভাৱে কদম-চিয়াজুলি সংযোগী পথৰ ওপৰেৰে পানী বাগৰি পৰিছে। ফলস্বৰূপে সমীপৱৰ্তী অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

অধিক পঢ়ক

সকলো চাওক