অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাঞ্জাবৰ ৰাজভৱনত শ্ৰী কাটাৰিয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ধন্যবাদসূচক প্ৰস্তাৱ অৰ্পণ কৰে।

মন্ত্ৰী দুগৰাকীয়ে অসম আৰু পাঞ্জাবৰ মাজত সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত উদ্যোগ ল’বলৈও পাঞ্জাবৰ ৰাজ্যপালগৰাকীক আহ্বান জনায়। উল্লেখযোগ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্রয়াত মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাবৰ ৰাজ্যপাল হৈ থকাৰ সময়ত পাটিয়ালা বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা কৰাৰ উপৰি ১৯৭৪ চনত অসমৰ খাদ্য সংকটৰ সময়ত তদানীন্তন ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰী আৰু মুখ্যমন্ত্রী জাইল সিঙে অসমলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰি সাহায্য আগবঢ়াইছিল। পাঞ্জাবৰ ৰাজভৱনত আয়োজিত সম্বর্ধনা অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুয়োখন ৰাজ্যৰ মাজত থকা পুৰণি সম্পৰ্কৰ্ক আৰু অধিক দৃঢ় কৰি তুলিবৰ বাবে আহ্বান জনায়। তদুপৰি পাঞ্জাব আৰু অসমৰ কৃষ্টি-সংস্কৃতিক দুয়োখন ৰাজ্যতে প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰি সম্প্ৰীতিৰ এনাজৰী আৰু অধিক সুদৃঢ় কৰাত উদ্যোগ ল’বলৈ শ্ৰী কাটাৰিয়াক আহ্বান জনায়। এনেধৰণৰ সাংস্কৃতিক বিনিময়ে জনসাধাৰণক সাংস্কৃতিক মত বিনিময়ৰ সুযোগ প্ৰদান কৰাৰ লগতে সু-সম্পর্ক বৰ্তি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

অধিক পঢ়ক

সকলো চাওক