অসমৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ’বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্রিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপনী তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইপিনে, ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলাত নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তেজপুৰ উচ্চতৰ মাধ্যমিক চৰকাৰী বিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীত ৫ হাজাৰৰো অধিক নির্বাচনী বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সম্পর্কে প্ৰশিক্ষণ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক