ডাউনলোড
মোবাইল এপ

android apple
signal

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয়

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিছে। উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহৰ মহিলাৰ ল’ন বলৰ ডাবলছত সোণৰ পদক অৰ্জন কৰি ক্রীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়। একেদৰে ৰাজ্যৰ আন এগৰাকী ল’নবল খেলুৱৈ বনগীতাই সৰ্বাধিক ৰাষ্ট্ৰীয় ক্রীড়াত অংশ লোৱাৰ অভিলেখ গঢ়িছে।২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহত অংশ লৈ খেলুৱৈ জীৱনৰ পাতনি মেলা বনগীতাই ক্রমাগত ৬টা সংস্কৰণত অসমক প্ৰতিনিধিত্ব কৰিছে আৰু প্ৰতিটো সংস্কৰণতে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বনগীতাই ২০০৭ ৰ পৰা ২০২৫লৈকে ১৮ বছৰীয়া ক্রীড়া যাত্ৰাত ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহত ৪টা সোণৰ লগতে ৩টা ৰূপৰ পদক জয় কৰিছে। বনগীতাই এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ল’ন বলৰ মহিলাৰ ডাৱলছত নয়মমণি শ‍ইকীয়াৰ সৈতে সোণৰ পদক লাভ কৰিছে।
অসমে এতিয়ালৈকে এই ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৩৪টা পদক লাভ কৰিছে। অসম আৰু পাঞ্জাৱৰ মাজত কালি অনুষ্ঠিত মহিলাৰ নেটবল শিতানৰ তৃতীয় স্থান নিৰ্ণয়কাৰী খেলখন নিৰ্ধাৰিত সময়ত ২৩-২৩ ফলাফলত সমাপ্ত হোৱাত দুয়োটা দলকে ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। অসমে এতিয়ালৈ ৩টা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক