October 17, 2024 11:41 AM | Assembly Bye Election

printer

অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত ১৩ নৱেম্বৰত উপ নির্বাচন

ৰাজ্যৰ ৫টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা বিধানসভাৰ আসন ৫ খনৰ বাবে অহা ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ’ব। সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাই আগন্তুক উপ নির্বাচনত বঙাইগাঁও সমষ্টিৰ পৰা মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। নেতাগৰাকীয়ে এই সন্দৰ্ভত কালি বঙাইগাঁৱত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। আনহাতে চিদলী বিধানসভা সমষ্টিত মিত্রজোঁটৰ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীলৈ অগপ দলে পূর্ণ সমর্থন আগবঢ়াব বুলিও শ্ৰী বৰাই জানিবলৈ দিছে। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কালি এখন সংবাদমেল আয়োজন কৰি ৰাজ্যবাসীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাক আগত লৈ উপ নিৰ্বাচনত ৰাইজৰ কাষ চাপিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ মুঠ ৪৮টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিৰ বাবে উপ-নির্বাচনৰ দিন ঘোষণা কৰিছে। ইয়াৰে অসমকে ধৰি দেশৰ ভিন ভিন ৰাজ্যৰ ৪৭টা বিধানসভা সমষ্টি আৰু কেৰালাৰ ৱায়নাড বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত আৰু উত্তৰাখণ্ডৰ এটা বিধানসভা সমষ্টি আৰু মহাৰাষ্ট্ৰৰ এটা সংসদীয় সমষ্টিৰ বাবে ২০ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক