August 25, 2024 6:40 PM | Mann Ki Baat

printer

অসমৰ তিনিচুকীয়াৰ বাৰেকুৰিৰ গাঁৱৰ মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগ মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাওঁ বাৰেকুৰিৰ বিষয়ে  মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে, এই গাওঁখনত বাসিন্দাসকলে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্দৰৰ সৈতে মৰমৰ বান্ধোনেৰে সংপৃক্ত হৈ আছে। তেওঁ কয় যে, গাওঁবাসীয়ে যেতিয়া হলৌ বান্দৰে কল ভাল পাই বুলি জানিব পাৰিলে তেতিয়া তেওঁলোকে নিজৰ কৃষিভূমিত কল খেতি কৰিবলৈ ল’লে। প্রধানমন্ত্রীয়ে কয় যে, নিজৰ আত্মীয়ৰ জন্ম-মৃত্যু দিৱস পালন কৰাৰ দৰে গাঁওবাসীয়ে হলৌ বান্দৰৰ জন্ম আৰু মৃত্যুৰ দিন পালন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। গাঁওখনৰ বাসিন্দাসকলে বান্দৰবোৰৰ একোটা নামো দিছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেধৰণৰ আন এটা ঘটনাৰ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, অৰুণাচল প্ৰদেশৰ একাংশ যুৱক- যুৱতীয়ে বন্য জন্তুক যাতে শিং আৰু দাঁতৰ বাবে কোনোবাই হত্যা কৰিব নোৱাৰে, তাৰ বাবে থ্রি ডি প্রিন্টিং প্রযুক্তি ব্যৱহাৰ কৰিছে। নাবাম বাপু আৰু লিখা নানাৰ নেতৃত্বত এই দলটোৱে জন্তুবোৰৰ শিং আৰু দাঁতকে ধৰি শৰীৰৰ বিভিন্ন অংশত থ্রি ডি প্রিন্টিং কৰিছে। তেওঁ কয় যে, বন্য জন্তুক সুৰক্ষা দিবলৈ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ এইক্ষেত্ৰত ষ্টার্টআপসমূহ আগবাঢ়ি আহিব লাগে। শ্রীমোদীয়ে সমাগত উৎসৱ জন্মাষ্টমি, গণেশ চতুর্থী, অনাম, মিলাদ উন নবী, আৰু তেলেগু ভাষা দিৱসৰ বাবে দেশবাসীক আগতীয়াকৈ শুভেচ্ছা জনায়।

অধিক পঢ়ক

সকলো চাওক