প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তেওঁ কয় যে, এয়া হ’ব দেশৰ ৪৩ সংখ্যক তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ যাক সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ আখ্যা দিয়া হ’ব। প্রধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ৩১ জুলাইত সামৰণি পৰিব। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰত গোলকীয় সহযোগিতা প্ৰচাৰ তথা ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় সম্প্রদায়সমূহক জড়িত কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ ৷ ভাৰতৰ ঐতিহ্য কেৱল এটা ইতিহাসেই নহয়, বৰং বিজ্ঞানো বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত বছৰসমূহত চৰকাৰে ৩৫০ৰো অধিক প্রাচীন ঐতিহ্যক্ষেত্ৰ পুনৰুদ্ধাৰ কৰিছে। শ্রীমোদীয়ে উল্লেখ কৰে যে, এই প্রাচীন ঐতিহ্যক্ষেত্ৰসমূহ পুনৰুদ্ধাৰ কৰাটোৱে গোলকীয় উদাৰতা আৰু ইতিহাসৰ প্ৰতি সন্মানকে প্রতিফলিত কৰে। তেওঁ কয় যে, বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতাসমূহৰ অন্যতম ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশন অনুষ্ঠিত হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ১০ লাখ ডলাৰৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। তেওঁ কয় যে, এই অনুদান দক্ষতা নির্মাণ, প্রযুক্তিগত সহযোগিতা তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব। বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে এই অনুদান ব্যৱহাৰ কৰা হ’ব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বিকাশ তথা ঐতিহ্য হৈছে ভাৰতৰ দৰ্শন। বিগত ১০ বছৰত ভাৰতে আধুনিক বিকাশৰ নতুন নতুন মাত্রা স্পৰ্শ কৰাৰ লগতে ইয়াৰ ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক প্ৰতি বছৰে এবাৰকৈ অনুষ্ঠিত হয়। এই সমিতিয়ে বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয় চোৱা-চিতা কৰাৰ লগতে বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া ক্ষেত্ৰসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰে। অধিৱেশনত বিশ্ব ঐতিহ্য তালিকাত মনোনীত নতুন ক্ষেত্ৰৰ বাবে প্ৰস্তাৱ, বৰ্তমানৰ ১২৪টা বিশ্ব ঐতিহ্য সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ’ব। অধিৱেশনত ১৫০ খন দেশৰ দুহেজাৰতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
Site Admin | July 22, 2024 12:12 PM | World Heritage Committee