September 29, 2024 11:40 AM | Gauhati High Court

printer

অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে। গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত উচ্চ মাধ্যমিক বিদ্যালয়সূহত শিক্ষা বিভাগে প্রধান শিক্ষক নিযুক্তি প্রক্রিয়া আগবঢ়াব নোৱাৰিব। উল্লেখযোগ্য যে ২০২৪ চনৰ আৰম্ভণিতে শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছিল। ৰাজ্য চৰকাৰে মজলীয়া বিদ্যালয়সমূহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰে যদিও মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলৰ জ্যেষ্ঠতাক শিক্ষা বিভাগে গুৰুত্ব নিদিলে। নিয়ম মতে প্রধান শিক্ষকৰ পদৰ বাবে স্নাতক শিক্ষকৰ ১০ বছৰ অভিজ্ঞতাৰ প্ৰয়োজন। শিক্ষা বিভাগে মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলৰ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে কৰা শিক্ষকতাৰ অভিজ্ঞতাক গুৰুত্ব নিদিলে। সেয়ে এইসকল শিক্ষকে বিজ্ঞাপন অনুসৰি প্ৰধান শিক্ষক পদৰ বাবে আবেদন কৰিব পৰা নাছিল। এই বঞ্চনাৰ বিৰুদ্ধে বঞ্চিত স্নাতক শিক্ষকসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। দীর্ঘ শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত স্থগিতাদেশ জাৰি কৰে।

অধিক পঢ়ক

সকলো চাওক