October 25, 2024 11:23 AM | Assam Bye-Election

printer

অসমৰ আসন্ন বিধানসভা উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা নিৰ্বাচনৰ বাবে হ’বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী জয়ন্ত বৰাই মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ কথা আছে। ছিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে আজি মনোনয়ন-পত্ৰ দাখিল কৰিব। বৰ্তমানলৈকে ৰাজ্যৰ পাঁচটা সমষ্টিৰ বাবে মুঠ ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। উপ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে, ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই কালি চামগুৰিত দলীয় প্রার্থী দিপুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। জ্যেষ্ঠ নেতাগৰাকীয়ে বিহালীত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তো উপস্থিত থাকে। ইপিনে, আম আদমী পার্টিয়েও বিহালী বিধানসভা সমষ্টিৰ বাবে অনন্ত গগৈ আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে নুৰুল আমিন চৌধুৰীক প্রার্থিত্ব প্ৰদান কৰিছে। ইপিনে, জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধলাই সমষ্টিৰ বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে। আনহাতে, ধলাই সমষ্টিতেই নির্দলীয় প্রার্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কাছাৰ জিলা বিজেপিৰ পদত্যাগী উপ-সভাপতি অমিয় কান্তি দাসে।

অধিক পঢ়ক

সকলো চাওক