ডাউনলোড
মোবাইল এপ

android apple
signal

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ  আজি দ্বিতীয় দিনা অসমৰ শক্তি সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ : ভৱিষ্যতৰ বাবে প্ৰস্তুত তেল আৰু গেছ আন্তঃগাঁথনি নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ভিত্তিক সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই সত্ৰৰ অংশ হিচাপে উদ্যোগপতি আৰু উদ্যমীসকলৰ এটা বৃহৎ সমাবেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ দৰে অৰ্থব্যৱস্থাৰ কাৰণে শক্তিৰ উপলব্ধ উৎসসমূহ ব্যৱহাৰ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। সেউজ হাইড্ৰ’জেনক ভৱিষ্যতৰ ইন্ধন আৰু ৰূপান্তৰকাৰী বুলি অভিহিত কৰি শ্ৰী পুৰীয়ে কয়, যে সেউজ হাইড্ৰ’জেনৰ মূল্য হ্ৰাস কৰিব পাৰিলে ই শক্তি ব্যৱহাৰৰ প্ৰেক্ষাপট সলনি কৰিব। জৈৱ ইন্ধন মিশ্ৰণৰ সন্দৰ্ভত শ্ৰী পুৰীয়ে কয়, যে প্ৰথম অৱস্থাত ২০৩০ চনৰ ভিতৰত পৰম্পৰাগত ইন্ধনৰ সৈতে ২০ শতাংশ জৈৱ ইন্ধন মিহলি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও এতিয়া এই সময়সীমা ২০২৫ চনলৈ আগুৱাই অনা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ ভাৰতীয় তেল নিগম লিমিটেডৰ চৌহদত পৌৰ আৱৰ্জনাৰ পৰা জৈৱ ইন্ধন উৎপাদনৰ বাবে সুকীয়া গৱেষণা শাখা স্থাপনৰ কথা ঘোষণা কৰে। এই বিষয়ভিত্তিক সত্ৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে ভাৰতৰ তৈল উদ্যোগ খণ্ডত অসমে অগ্রণী ভূমিকা পালন কৰি আহিছে। বৃহৎ পৰিমাণৰ হাইড্ৰ’কাৰ্বন সংৰক্ষণ আৰু দক্ষ লোকৰ জৰিয়তে ভাৰতৰ শক্তিখণ্ডত অসমে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ভাৰতৰ শক্তিখণ্ডৰ মানচিত্ৰত অসমৰ স্থানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ মুঠ প্রাকৃতিক গেছৰ ১২ শতাংশ অসমতে উপলব্ধ ৷ তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সেউজ শক্তিৰ লক্ষ্যক বাস্তৱায়িত কৰি তোলাৰ বাবে অসম চৰকাৰ দৃঢ়প্রতিজ্ঞ।

অধিক পঢ়ক

সকলো চাওক