September 15, 2024 6:04 PM | Assam CM

printer

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে অসমে দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰি এই লক্ষ্যৰ প্ৰথম স্তৰ সফলতাৰে অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই স্তৰত চাহ বাগিচাৰ লোকসকলৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা বিকাশৰ বাবে সাহায্যমূলক ধনৰাশি আবণ্টন দিয়া হৈছিল। চাহ বাগিছাৰ মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। ইপিনে, শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত চাহ জনগোষ্ঠীৰ যুৱকসকলৰ স্বনিয়োজনৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনতো এই লোকসকলক উপাৰ্জনৰ সুবিধা দিয়া হৈছিল। একেদৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালক নগদ ধনবিহীন চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সফলতা অৰ্জন কৰিছে।

অধিক পঢ়ক

সকলো চাওক