ডাউনলোড
মোবাইল এপ

android apple
signal

February 26, 2025 11:35 AM | Advantage Assam CM

printer

অসমে অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিবঃ ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে সম্প্রতি অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণ কৰিছে আৰু ই ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিব। দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত কালি বিকশিত ভাৰতবৰ্ষৰ লক্ষ্যপ্রাপ্তিৰ বাবে অসমত ছেমিকণ্ডাক্টৰ খণ্ডক আগুৱাই নিয়া শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। জাগীৰোডত নিৰ্মিয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত চলিত বৰ্ষৰ পৰা উৎপাদন আৰম্ভ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই প্ৰকল্পত থলুৱা প্ৰযুক্তি ব্যৱহাৰেৰে দৈনিক ৪৮ মিলিয়ন চিপচ উৎপাদন কৰিব আৰু জৰিয়তে ৰাজ্যখনৰ ঔদ্যোগিক দিশৰ দ্ৰুত পৰিবৰ্তন সম্ভৱ হৈ উঠিব। এই প্ৰকল্পৰ জৰিয়তে ২৭ হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ড০ শৰ্মাই ছেমিকণ্ডাক্টৰ উদ্যোগসমূহক অসমত সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ গৱেষণাৰ বিকাশ বিনিয়োগ আৰু প্ৰযুক্তিগত উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শ্ৰীবৈষ্ণৱে দুখন নতুন অমৃত ভাৰত ৰে’লৰ প্ৰৱৰ্তন, ৰাজ্যৰ ৬০ টাৰো অধিক ৰে’লৱে ষ্টেচনত অমৃত ষ্টেচনলৈ উন্নীতকৰণ, গুৱাহাটী ৰে’লৱে ষ্টেচনক অত্যাধুনিক প্রযুক্তি কেন্দ্ৰলৈ ৰূপান্তৰকৰণ, বড়োলেণ্ডত নতুন ৰে’লৱে দবা নিৰ্মাণ আৰু মেৰামতি কেন্দ্র স্থাপন, লামডিঙত নতুন ৰে’লৱে লোকোমটিভ ইঞ্জিন কাৰখানা স্থাপন, সীমান্ত সংযোগ বৃদ্ধিৰ বাবে কোকৰাঝাৰ গেলেফু সংযোগী ৰে’ল লাইনকে ধৰি চাৰিটা নতুন ৰে’লৱে ট্ৰেক নিৰ্মাণৰ কথা ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক