ডাউনলোড
মোবাইল এপ

android apple
signal

December 16, 2024 8:31 PM | Ranjit Kumar Das

printer

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ্যৰ ১৩৮টা আত্মসহায়ক গোটৰ বিপণী আৰু বহিঃৰাজ্যৰ ১০০ খন বিপণী মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বৰ্ষত এই মেলাত ৮ কোটি ৭৪ লাখ টকাৰ সামগ্ৰীহে বিক্ৰী হৈছিল। এইবাৰৰ মেলাত লখিমপুৰৰ পূৰ্ণিমা মহিলা আত্মসহায়ক গোটে এক কোটিৰো অধিক সামগ্ৰী বিক্ৰীৰে প্রথমস্থান লাভ কৰে। আজি মন্ত্ৰী শ্ৰীদাসে এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰী হিচাপে বাছনি লাভৰ বাবে দাখিল কৰা আবেদনৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্তত ৩২ লাখ ২১ হাজাৰৰো অধিক আবেদনত অনুমোদন জনোৱা হৈছে বুলিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী শ্রীদাসে আজি প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাক স্বাৱলম্বী হোৱাৰ বাবে ১০ হাজাৰ টকাকৈ প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে। অসমৰ ৩ লাখ ৫৮ হাজাৰ মহিলা আত্মসহায়ক গোটৰ ৩৯ লাখ ২৯ হাজাৰ সদস্যাই ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ দিশত বৃহৎ অৱদান আগবঢ়োৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই আত্মসহায়ক গোটসমূহক এতিয়ালৈ ৫৫৫ কোটি টকাৰো অধিক ঘূৰ্ণীয়মান পুঁজি আৰু এহেজাৰ ২২ কোটি টকাৰো অধিক সামূহিক বিনিয়োগ পুঁজি প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত মূলধনী ৰাজ সাহায্য হিচাপে ৪৪৫ কোটি ৬৫ লাখ টকাৰ পুঁজি প্ৰদান কৰা হৈছে। অসমত সম্প্ৰতি ৮ লাখ ৮২ হাজাৰৰো অধিক মহিলাই লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক