বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২০১৯ চনত শিক্ষা মন্ত্ৰী হৈ থাকোতেই অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাৰ বাবে প্ৰচেষ্টা চলাইছিল। অসম প্ৰকাশন পৰিষদৰ সৈতে বৈঠকত মিলিত হৈ তদানীন্তন শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সেই সময়তে বিষয়টো সন্দৰ্ভত চৰকাৰৰ সদিচ্ছা প্রকাশ কৰিছিল। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰিছে। শ্রী কলিতাই কয় যে, ২০১৪ চনত ধ্রুপদী মর্যাদা পোৱা উড়িয়া ভাষা এইক্ষেত্ৰত অসমৰ বাবে পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হ’ল। অসম প্ৰকাশন পৰিষদে অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰ বাবে ওড়িশা চৰকাৰ আৰু ভাষাবিদ সকলৰো দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিল। প্ৰকাশন পৰিষদে অসমীয়া ভাষাৰ ড’চিয়াৰ প্ৰস্তুতৰ বাবে ওড়িশাৰ ড’চিয়াৰক আৰ্হি হিচাপে গ্ৰহণ কৰা বুলি শ্ৰী কলিতাই প্ৰকাশ কৰিছে। তেওঁ এই ক্ষেত্ৰত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, প্রাক্তন সাংসদ আব্দুল খালেক আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ শলাগ লয়। ৰাজনৈতিক সদিচ্ছা অবিহনে অসমীয়া ভাষাই এই সন্মান পোৱাটো কঠিন হ’লহেতেন বুলিও শ্রী কলিতাই লগতে কয়। অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাই ভাষাটোৰ প্ৰচাৰ, সংৰক্ষণ আৰু গৱেষণাৰ পথ মুকলি কৰিব বুলি উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে, এই সন্মান লাভ কৰাৰ পাছত অসমৰ সাহিত্যৰ টোকা, সাঁচিপাতৰ পুথিৰ ডিজিটেল সংৰক্ষণ আৰু পৰম্পৰাগত ৰীতি-নীতি, কলাৰ সংবৰ্দ্ধনৰ বাবে বিশেষ পুঁজি লাভ কৰাতো সম্ভৱ হ’ব। প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ঐতিহাসিক কীৰ্তিচিহ্ন, প্রাচীন পুথিভঁৰাল, সাংস্কৃতিক পৰ্যটনকেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পৰা যাব বুলিও তেওঁ কয়। তেনে ক্ষেত্ৰত অসমৰ পৰ্যটন ক্ষেত্ৰ সমৃদ্ধ হ’ব বুলি শ্ৰী কলিতাই আশা প্রকাশ কৰে। নতুন শিক্ষানীতি অনুসৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্রুপদী ভাষাৰ গৱেষণা আৰু বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ উৎকৰ্ষ সাধনৰ বাবে কেন্দ্র প্রতিষ্ঠা, ধ্রুপদী ভাষাত গৱেষণাৰ বাবে শিক্ষার্থীলৈ জলপানি আগবঢ়োৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।
Site Admin | October 6, 2024 12:10 PM | Assamese Language