বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমী বঁটাপ্রাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। শিৱসাগৰৰ নিতাইপুখুৰীৰ ৰনুৱাবালিত মাহেকীয়া আলোচনী স্বদেশ পটভূমিৰ উদ্যোগত কালি আয়োজিত মেজমেল শীর্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মাত্ৰাধিক উল্লাসিত নহৈ নতুন প্ৰজন্মৰ মাজত ভাষাটোক জনপ্ৰিয় কৰাৰ অৰ্থে কম্পিউটাৰ-মোবাইল আদিত ইয়াৰ ব্যৱহাৰ সহজলভ্য কৰি তুলিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি লেখক ময়ূৰ বৰাই ভাষাটোৰ সমৃদ্ধিৰ বাবে অসমীয়া ভাষাত শিক্ষাগ্রহণক লৈ এচাম লোকৰ মাজত গঢ়ি উঠা হীনমান্যতাৰ মানসিকতা দূৰ কৰিব লাগিব বুলি মন্তব্য কৰে । এই অনুষ্ঠানত চিকিৎসক ডাঃ সুৰজিৎ গিৰি, খেলুৱৈ অভিজিৎ বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে স্বদেশ পটভূমিৰ সম্পাদক তথা সাংবাদিক ৰবিন ভূঞাৰ সঞ্চালনাত এখন কবি সন্মিলনো অনুষ্ঠিত হয়।
Site Admin | December 22, 2024 11:37 AM | Assamese Language