অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ জনসাধাৰণে গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। গৰু বিহুৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্রয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হৈছে। পৰহিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যজুৰি বিহু উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি-নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে-ভূঞে, চহৰে-নগৰে ৰঙালী বিহুক লৈ উৎসাহ- উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। ইফালে বিহুৰ বতৰতে অসমৰ গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্রান্তে প্রান্তে গামোচাৰ বিপণী মুকলি কৰা হৈছে। অনুৰূপ ধৰণে ফাঁচীবজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু বিভিন্ন শ্বপিংমলত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে ব’হাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা ২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বেলতলা বিদ্যালয় খেল পথাৰত ৪৮ সংখ্যক ব’হাগী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ’ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহুমঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। উজনি অসমৰ শিৱসাগৰ, লখিমপুৰ, ধেমাজিকে ধৰি জিলা কেইখনত বিহু উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অৰণ্য সুৰক্ষা সমিতি অসমে বিগত বছৰৰ দৰে এইবাৰো পৰিবেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে গছ বিহু পালন কৰিব। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত পহিলা ব’হাগৰ দিনা এই বিহু পালন কৰা হ’ব। কামৰূপ জিলাত কাইলৈ গৰু বিহু পালনৰ বাবে ৰাইজ সাজু হৈছে। জিলাখনৰ বকো-ছয়গাঁও, হাজো-কমলপুৰকে ধৰি বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হ’ব।
Site Admin | April 13, 2025 11:15 AM | Rongali bihu
অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা
