অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰত অসমৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বাহাল থকা ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখনলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কেইবাখনো বিদেশী ৰাষ্ট্ৰত বাহাল থকা ভ্রমণজনিত পৰামৰ্শ বিধিৰ পৰিপ্ৰেক্ষিতত অসমত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত সমস্যা হোৱা হেতুকে ৰাষ্ট্ৰসমূহক এনেধৰণৰ বিধিসমূহ পুনৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আহ্বান জনোৱা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত জাপানৰ উচ্চায়ুক্ত আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অষ্ট্ৰেলিয়াৰ উচ্চ আয়োগৰ তৰফৰ পৰাও শীঘ্ৰে অসম আৰক্ষীৰ সৈতে এই সংক্রান্তত যোগাযোগ স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। পৰহিলৈ অষ্ট্ৰেলিয়াৰ এটা শীৰ্ষ পৰ্যায়ৰ দল ৰাজ্যখনলৈ এই সংক্ৰান্তত তথ্য সংগ্ৰহৰ বাবে অহাৰ কথা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ শেহতীয়া জাপান ভ্ৰমণকালত দেশখনৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে হোৱা মত বিনিময় কালত মন্ত্ৰীগৰাকীয়ে এই ভ্রমণবিধি পুনৰীক্ষণৰ আশ্বাস দিছিল বুলি ড° শৰ্মাই উল্লেখ কৰে।
Site Admin | February 16, 2025 7:40 PM | Advantage Assam 2.0
অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ
