ডাউনলোড
মোবাইল এপ

android apple
signal

June 30, 2024 11:37 AM | Assam Flood

printer

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। এই বানত প্রায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপ নৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈব বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাবিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু ন-দিহিং নৈব পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যা দেখা দিছে। জিলাখনৰ গুইজানৰ সমীপৰ নতুন গাঁও বাঢ়নী পানীৰে বুৰাই পেলোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইফালে ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱে জনসাধাৰণক আহুকালত পেলাইছে। বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ খুমটাইত গেলাবিল নৈব খহনীয়াই জনজীৱন বিপর্যস্ত কৰি তুলিছে। অঞ্চলটোৰ কেইবাশ বিঘা ভূমি গেলাবিল নৈব বুকুত জাহ গৈছে। একেদৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বামুণগাঁৱৰ বুঢ়িদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গাঁওখনৰ কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু অনুষ্ঠান-প্ৰতিষ্ঠান নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথব বৃহৎ অংশ নৈত জাহ গৈছে। ইফালে নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক