কেন্দ্ৰীয় চৰকাৰে অসমত চাৰিখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ জিলা চাৰিখন হ’ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়। ইপিনে নাগালেণ্ডৰ ৮খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ এখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। নাগালেণ্ডৰ ৮খন জিলাৰ ২১খন থানাৰ অন্তর্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ ৩ খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ আওতাত থাকিব।
Site Admin | March 29, 2024 9:47 PM | AFSPA
অসমত ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি
