June 17, 2024 12:43 PM | IMD weather

printer

অসমত ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত প্রবল বর্ষাবতৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই আজিৰে পৰা অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে এই সম্পর্কে বিশেষ বতৰ বুলেটিনো প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ শালমাৰা, গোৱালপাৰা, বজালি, নলবাৰী আৰু কাৰ্বি আংলং জিলাত প্ৰচণ্ড বৰষুণ হ’ব বুলি আগলি বতৰা দিছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত প্ৰবল বৰষুণৰ ফলত পৰিস্থিতি ভয়াবহ হৈ উঠাৰ আশংকা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক