অসমত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ৰাজ্যত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব । ভোটগ্রহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচন হ’বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত ভোটগ্রহণ হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত আজি বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰাৰ প্ৰচলন নিষিদ্ধ ঘোষণা কৰা হৈছে। ইফালে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও জিলাসমূহত যাৱতীয় ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় পর্যায়ত নির্বাচন হ’বলগীয়া কৰিমগঞ্জত কাইলৈৰ পৰা প্রিজাইডিং আৰু পোলিং বিষয়াৰ প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ’ব। এই শিবিৰ দিনৰ ১০ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক