June 19, 2024 9:26 PM | Assam Flood

printer

অসমত শেহতীয়া বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি

ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কিছুদিন ধৰি একেৰাহে হৈ থকা বৰষুণৰ ফলত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ১৫ খন জিলাৰ কমেও ৪৭০ খন গাওঁ বানৰ কবলত পৰিছে। এই বানত ১ লাখ ৬০ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৫ খন জিলাত স্থাপন কৰা ৪৩ টা আশ্রয় শিবিৰত ৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। জিলা প্রশাসনসমূহে প্ৰায় ১৮ হাজাৰ লোকৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰিছে। ইপিনে, ৰাজ্যখনত কালি পুনৰ এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি হৈছে। ইফালে কৰিমগঞ্জ জিলাত ইংলাৰ বজাৰৰ সমীপৰ বেন্দাৰগুল গাঁৱত যোৱানিশা হোৱা ভূমিস্খলনৰ ফলত একেটা পৰিয়ালবে ৫ জন লোকৰ মৃত্যু হয়। নিশা প্রায় চাৰে ১২ বজাত হোৱা এই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোককেইজনক ৰহিমুন নেছা, চাহিদা খানম, জাহিদা খানম, হামিদা খানম আৰু মেহেদি হাছন বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আপদা মিত্ৰ দলৰ সদস্যসকলে ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইপিনে, জিলাখনৰ আয়ুক্তই এটা নিৰ্দেশযোগে বানৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আজি আৰু কাইলৈ বন্ধ ঘোষণা কৰে। লংগাই আৰু কুঁশিয়াৰা নৈব জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বৰষুণ অব্যাহত থকাৰ বাবে ন ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি এই বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে পূর্ব নির্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত হ’ব। বাক্সা জিলাত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো বিদ্যালয়ৰ চৌহদ বানত বুৰ গৈছে। ইপিনে, বৰষুণৰ ফলত নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পশ্চিম নলবাৰী অঞ্চলতো বানে জটিল ৰূপ ধাৰণ কৰিছে। বুঢ়াদিয়া নৈব মথাউৰি ঠায়ে ঠায়ে ছিগি যোৱাৰ ফলত জিলাখনৰ কৈঠালকুছি সংযোগী পথ, নদ্‌ল্লাবজাৰ, উত্তৰ আমনি, গান্ধীবস্তি, কেন্দুবাৰীকে ধৰি ভালেমান অঞ্চল প্লাৱিত হৈছে। বহুলোকে নিৰাপদ স্থান বিচাৰি মথাউৰিত আশ্ৰয় লৈছে। মেঘালয়ৰ পৰা নামি অহা ঢলে গোৱালপাৰা জিলাৰ ন ন অঞ্চল প্লাৱিত কৰাৰ লগতে বাট-পথ দলং আদিৰো ক্ষতি কৰিছে। জলেশ্বৰ সমষ্টিৰ খলিচাভিটা গাইবান্ধালৈ যোৱা পথত থকা দলংখন ঢলে উটুৱাই নিয়াত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইপিনে, সিজুকণা গাঁৱত থকা কাঠৰ দলংখন বাঢ়নি পানীয়ে উটুৱাই নিয়াত ১০ খন গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈছে। জিঞ্জিৰাম নৈৰ বাঢ়নি পানীয়ে জুৰি গাঁও, বর্মনপাৰা অঞ্চল প্লাৱিত কৰিছে। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলাখনৰ বান প্রস্তুতি সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াই কদম ৰাজহ চক্ৰৰ অধীনৰ আৰ্হি সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শিঙৰা নৈৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। ধাৰাসাৰ বৰষুণৰ ফলত দৰং জিলাৰ ব্যৱসায়িক চহৰ খাৰুপেটীয়াৰ কেইবাটাও ৱাৰ্ড বানৰ কৱলত পৰিছে। বানে ভালেসংখ্যক বাসগৃহ আৰু প্ৰতিষ্ঠান বুৰাই পেলাইছে। বাৰিষাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ জীৱ-জন্তু সমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ লৈছে। উদ্যান কর্তৃপক্ষই কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৭টা মুখ্য স্থানত চেঞ্চৰ কেমেৰা স্থাপন কৰিছে। ইয়াৰ জৰিয়তে প্রতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগেৰে অঞ্চলটো পাৰ হোৱা বাহন নিৰীক্ষণ কৰি জৰিমণা বিহা হ’ব। তদুপৰি গোলাঘাট জিলা পৰিবহণ বিভাগৰ বিধি বলৱৎকাৰী দলে সকলো যান-বাহনৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে এনিমেল কৰিডৰত যাতে কোনো বাহন ৰখাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক