অসমত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মন্ত্ৰী-বিধায়ককে ধৰি বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৯ দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যাপ্রসাদ তাছাৰ হৈ গোলঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে হোজাই আৰু দেৰগাঁৱত নির্বাচনী সভাত অংশগ্রহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ নয়। এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপৰি মিত্ৰজোঁটৰ কেইবাগৰাকী নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকী আজি বিয়লি নির্বাচনী প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ কথা৷ একেদৰে, বিজেপিৰ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে আজি ডিব্ৰুগড়ৰ লাইপুলি মৰাণকাৰী গাঁও, মহাকালি চাহ বাগিচা আৰু নেপালি খেলপথাৰত প্ৰচাৰ চলায়। দৰং-ওদালগুৰি লোকসভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ প্রার্থী দিলীপ শ‍ইকীয়াই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত আয়োজিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে, কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি ডিমৌ ৰজাবাৰী বাগিচাত প্ৰচাৰ চলায়। শ্ৰী গগৈয়ে প্ৰচাৰ অভিযানত ভাগ লৈ মনোনয়ন দাখিলৰ দিনাই জয়ী হোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ দলৰ আন এগৰাকী নেতা তথা প্রাক্তন মন্ত্রী এটোৱা মুণ্ডাই গহপুৰৰ বিভিন্ন চাহ বাগিচাত দলীয় প্ৰাৰ্থীৰ হকে প্রচাৰত অংশ লয়। আনহাতে, বিপিএফ দলৰ খামফা বৰগঞাৰীয়ে আজি কোকৰাঝাৰৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ নেতা তথা বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে আজি বগীবিল গাঁও পঞ্চায়ত এলেকা, তিলৈ গ্ৰাম বজাৰ প্ৰেক্ষাগৃহ, কপৌ গাঁও খোৱাঙকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। ইপিনে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হিচাপে চি পি আই এম এল দলেও লুৰীণজ্যোতি গগৈৰ সমৰ্থনত তিনিচুকীয়াৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত বৰপেটা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি সমষ্টিটোক কংগ্ৰেছ দলৰ প্ৰাৰ্থী দ্বীপ বায়নে বৰপেটাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণিভূষণ চৌধুৰীয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত সৰভোগত বিজেপিৰ এখন পৃষ্ঠাপ্রমুখ সন্মিলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মঙলবাৰে তিনিচুকীয়াত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব। ইপিনে, আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়েও কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা ।

অধিক পঢ়ক

সকলো চাওক