June 3, 2024 11:48 AM

printer

অসমত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশীয় সুৰাৰ দোকান বা অন্যান্য প্ৰতিষ্ঠানত এই সময়ছোৱাত সুৰা বিক্ৰী বা পৰিবেশন বন্ধ থাকিব। আবকাৰী আইনৰ অধীনত অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিৰুদ্ধে জিলাসমূহৰ আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইফালে, ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিনিচুকীয়া জিলা প্ৰশাসনে ভোট গণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোট গণনা সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত কৰা হ’ব। ইফালে জিলাখনৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থান কৰা ষ্ট্ৰং ৰুমত অনুষ্ঠিত কৰা হ’ব। জিলাখনত ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে। ডিব্ৰুগড় জিলাৰ লাহহোৱালৰ বকুলত থকা পলিটেকনিক প্ৰতিষ্ঠানত স্থাপন কৰা ষ্ট্ৰং ৰুমত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখং, দুলীয়াজান, খোৱাং, নাহৰকটিয়া, চাবুৱা, লাহোৱাল বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ’ব । যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। চৰাইদেউ জিলা প্ৰশাসনে ভোটগণনা প্রক্রিয়া সন্দৰ্ভত জনসাধাৰণৰ যিকোনো ধৰণৰ ওজৰ-আপত্তি বা অভিযোগ থাকিলে ০৩৭৭২-২৯১৮২১ নম্বৰত ফোন কৰি জনাব পাৰিব বুলি প্ৰকাশ কৰিছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ পাঁচটাকৈ বিধাসভা সমষ্টিতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। একেদৰে ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্রশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে। মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ ১৯ গৰাকী পৰ্যৱেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক