ডাউনলোড
মোবাইল এপ

android apple
signal

February 26, 2025 12:01 PM | Supreme Court of India

printer

অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখে

উচ্চতম ন্যায়ালয়ে অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় কালি সুৰক্ষিত ৰাখে। অসম চৰকাৰে এনকাউণ্টাৰসমূহৰ তদন্তৰ বাবে ২০১৪ চনৰ নীতি-নিৰ্দেশনাসমূহ মানি আহিছে আৰু এইক্ষেত্ৰত নিৰাপত্তা বাহিনীক অনাহকত লক্ষ্য কৰি লোৱাটো দুর্ভাগ্যজনক বুলি কালি সর্বোচ্চ ন্যায়ালয়ত প্ৰকাশ কৰাৰ পাছত ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ৰাজ্যখনৰ ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ আগষ্টলৈ কমেও ১৭১টা ভুৱা এনকাউণ্টাৰ হোৱা বুলি উঠা অভিযোগৰ স্বতন্ত্ৰ তদন্ত বিচাৰি আবেদনকাৰীয়ে ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। অসম চৰকাৰৰ হৈ আদালতত চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, যে এইক্ষেত্ৰত সকলো প্ৰয়োজনীয় নির্দেশনা মানি চলা হৈছে। এই ঘটনাত নিৰাপত্তাৰক্ষীসকল দোষী সাব্যস্ত হ’লে তেওঁলোকে শাস্তি লাভ কৰা উচিত যদিও নির্দোষী প্রমাণ হ’লে তেওঁলোকক ৰাষ্ট্ৰই সুৰক্ষা দিব লাগিব বুলি শ্ৰীমেহতাই যুক্তি দাঙি ধৰে। কালি চৰকাৰী পক্ষৰ বক্তব্যৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে ৰায় সুৰক্ষিত ৰাখে।

অধিক পঢ়ক

সকলো চাওক