দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা লিখা, পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে গোৱালপাৰা, তামুলপুৰ, বৰপেটা, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ কোকৰাঝাৰ, মৰিগাঁও, কামৰূপ মহানগৰ, দৰং, বাক্সা আদি বিভিন্ন জিলাত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। বন বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ উদ্যোগত পৰিৱেশ দিৱস উপলক্ষে উপদ বিলত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই গছপুলি ৰোপণ কাৰ্যসূচী অহা ১৫ জুনলৈ চলিব। তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত গছপুলি ৰোপণ আৰু বক্তৃতা প্রদান আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা আৰক্ষী অধীক্ষক শ্বোৱেটাং মিশ্ৰই যোৰহাট সদৰ থানাৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মৰিয়নি, তিতাবৰ, টীয়ক আৰক্ষী চকীত গছপুলি ৰোপণ কৰা হয়। তিনিচুকীয়াৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সূর্যোদয় মুক্ত শিশুগৃহৰ সহযোগত দিৱসৰ লগত সংগতি ৰাখি শিশুগৃহৰ চৌহদত গছপুলি ৰোপণ কৰে। কোকৰাঝাৰত জৈৱ বৈচিত্র্য সম্পৰ্কীয় কৰ্মবাহিনীয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে কোকৰাঝাৰৰ বিটিচি সচিবালয়তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয় ৷ বিটিচিৰ অধ্যক্ষ কাটিৰাম বড়োৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিৱস উপলক্ষে কোকৰাঝাৰৰ ব্ৰহ্ম বাবা টেকনো স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বাটৰ নাট পৰিৱেশন কৰে। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। শিৱসাগৰৰ বন সংমণ্ডল প্ৰাধিকৰণৰ উদ্যোগত দিৱস উপলক্ষে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয়। শিৱসাগৰ বন বিভাগে দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৫ মে’ৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে সজাগতা সমদল আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সজাগতা সমদলত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘ভূমিৰ পুনৰুদ্ধাৰ কৰা, মৰুময়তা ৰোধ কৰা আৰু খৰাং সহনশীলতা গঢ়ি তোলা’। প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপর্য বহন কৰি আহিছে৷
Site Admin | June 5, 2024 6:27 PM | World Environment Day