উচ্চতম ন্যায়ালয়ে আজি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি ৰায়দান কৰে। নাগৰিকত্ব আইনৰ ৬(ক) নম্বৰ দফা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। অসম সন্মিলিত মহাসংঘৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্রহণ কৰিছিল। মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে আজি এই ৰায়দান কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয় যে অসম চুক্তি ৰাজ্যখনলৈ বিদেশী নাগৰিকৰ অবৈধ প্ৰব্ৰজনৰ এটা ৰাজনৈতিক সমাধান আছিল। উল্লেখযোগ্য যে বিচাৰপীঠখনৰ চাৰিগৰাকী ন্যায়াধীশে ইয়াৰ সপক্ষে ৰায়দান কৰাৰ বিপৰীতে এগৰাকী ন্যায়াধীশে বিৰুদ্ধে মত পোষণ কৰে। ইপিনে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া প্রকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাই আনন্দ প্রকাশ কৰে। অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছে। ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই উচ্চতম ন্যায়ালয়ৰ ৰায়দানে অসম চুক্তিৰ ভিত্তিবৰ্ষক ন্যায্যতা প্ৰদান কৰিলে বুলি প্ৰকাশ কৰে।
আনহাতে, গোচৰটোৰ ৰায়দান সন্দৰ্ভত গোচৰৰ আবেদনকাৰী অসম সন্মিলিত মহাসংঘৰ শীৰ্ষ নেতা মতিউৰ ৰহমানে তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ শিমলুগুৰিত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ৰ এই ৰায় খিলঞ্জীয়াৰ বাবে সংকটৰ সৃষ্টি কৰিলে। খিলঞ্জীয়া জনগোষ্ঠীসমূহে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব লাগিব বুলিও তেওঁ আহ্বান জনায়। ৰাজ্যৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেবব্রত শইকীয়াই বিদেশী চিনাক্তকৰণৰ ৰায়দানক আদৰণি জনায়। একেদৰে উচ্চতম ন্যায়ালয়ে বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল ৰখাৰ সিদ্ধান্তক আদৰণি জনাই এ আই ইউ ডি এফ দলে আজি দলীয় কাৰ্যালয়ত উৎসৱ উদযাপন কৰে। ইপিনে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আদৰণি জনাই প্ৰেছ বিজ্ঞপ্তিযোগে কৈছে যে, অসমৰ ৰাজনৈতিক ইতিহাসৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ এই ৰায়দানে দীৰ্ঘদিনীয়া বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ পথ মুকলি কৰিলে।