ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2024 7:33 PM

printer

অসমত বর্তমান ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি ক্রমাৎ উন্নত হ’লেও বর্তমানেও ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। শেহতীয়া বানত ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। চিৰাঙৰ কাকাৰাগাঁৱৰ কুজিয়া নৈত আজি এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে। যুৱতীগৰাকী কালিৰ পৰা কুজিয়া নৈৰ বাঢ়নি পানীত পৰি নিৰুদ্দেশ হৈ আছিল। ইপিনে লখিমপুৰ জিলাত বান পৰিস্থিতিৰ সামান্য উন্নত হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ২৯৯টা আশ্রয় শিবিৰত ৪১ হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্রস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪ খন গাঁও আৰু ১৮ হাজাৰ ২৩১ দশমিক ৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে। এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিত ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন শিৱিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে। ইপিনে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙত জিলাখনৰ বান, খহনীয়া প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে পর্যালোচনা কৰে। জিলাখনত বান-খহনীয়া ৰোধৰ বাবে বৈঠালাংছ’ সমষ্টিত বাৰিষা শেষ হোৱাৰ লগে লগে ১৫ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকত কপিলী আৰু বৰাপানীত নিৰ্মাণ হ’বলগীয়া মথাউৰিৰ পর্যালোচনা কৰা হয়। বৈঠকত কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ অমৰছিং তিছ’, বিধায়কদ্বয় ৰূপছিং টেৰন আৰু দ্ৰছিং ৰংহাং উপস্থিত থাকে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও আজি ধেমাজি জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। গেৰমে নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ মধ্য মিংমাং গাঁও পঞ্চায়তত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক