April 16, 2024 12:25 PM | Assam Election

printer

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি কাইলৈ বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। ৫ বজাৰ পিছত দলসমূহে কোনোধৰণৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব নোৱাৰিব। উল্লেখ্য যে অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ’বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপনী তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইফালে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও জিলাসমূহত যাৱতীয় ব্যৱস্থা লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া কৰিমগঞ্জত অহা ১৮ এপ্ৰিলৰ পৰা প্রিজাইদিং আৰু পোলিং বিষয়াৰ প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ’ব। এই শিবিৰ দিনৰ ১০ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক