অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যত দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শ‍ইকীয়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আনহাতে, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯,১৩৩টা ভোটগ্রহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ ভোটদানৰ সুবিধা পাব। ইয়াৰ ভিতৰত ১ কোটি ২১ লাখ ৭৯ হাজাৰৰো অধিক পুৰুষ আৰু প্ৰায় ১ কোটি ২১ লাখ মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত ৭ লাখ ২৬ হাজাৰ ৭৮৩ গৰাকী ভোটদাতা আছে। আনহাতে, ৰাজ্যখনত ৮০ বছৰ বয়সৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা ২ লাখ ৭২ হাজাৰৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সর্বনিম্ন ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক ২৬ লাখ ৪৩ হাজাৰৰো অধিক ভোটদাতা আছে। ইপিনে, ৰাজ্যখনত তিনিটা পৰ্যায়ত মুঠ ২৬৬ টা আদর্শ ভোটগ্রহণ কেন্দ্ৰ থকাৰ লগতে দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালিত ৩৬ টা আৰু মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্য এহেজাৰ ৫৫১। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰলৈ অসমত নির্বাচন অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক