অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যখনত তৃতীয় পৰ্যায়ত পৰহিলৈ হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্ৰাৰ্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত ১ কোটি ২১ লাখ ৭৯ হাজাৰৰো অধিক পুৰুষ আৰু প্ৰায় ১ কোটি ২১ লাখ মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত ৭ লাখ ২৬ হাজাৰ ৭৮৩ গৰাকী ভোটদাতা আছে। আনহাতে, ৰাজ্যখনত ৮০ বছৰৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা ২ লাখ ৭২ হাজাৰৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সর্বনিম্ন ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক ২৬ লাখ ৪৩ হাজাৰৰো অধিক ভোটদাতা আছে। ইপিনে, ৰাজ্যখনত তিনিটা পৰ্যায়ত মুঠ ২৬৬ টা আদর্শ ভোটগ্রহণ কেন্দ্র থাকিব। আনহাতে, দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালিত ৩৬ টা আৰু মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ১,৫৫১ ভোটগ্রহণ কেন্দ্ৰ থাকিব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অসমত নির্বাচন অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্রজোটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব। বৰপেটা সমষ্টিত প্ৰায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্রতিদ্বন্দ্বিতা কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক