কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ তথা ১১ৰ পৰা ১৩ হাজাৰ পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পটোত দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব। তেওঁ কয় যে, এই প্রকল্পত উৎপাদন হ’বলগীয়া চিপসমূহ বৈদ্যুতিন বাহন, যোগাযোগ আৰু নেচৱৰ্ক পৰিকাঠামোত ব্যৱহাৰ কৰা হ’ব। চলিত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই মৰিগাঁৱত টাটাৰ অৰ্ধপৰিবাহী গোট নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰে।
Site Admin | August 4, 2024 10:59 AM | Ashwini Vaishnaw | Semi Conductor Land