অসমত গুৱাহাটী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিবলৈ বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰাই আহ্বান জনাইছে। চলচ্চিত্র সমালোচকদ্বয়ে কালি এই আহ্বান জনাই কয়, যে চলচ্চিত্ৰ মহোৎসৱসমূহে ছবি নির্মাতা আৰু চিত্ৰৰসিকসকলক দেশ-বিদেশৰ বিভিন্ন ছবিৰ ৰসাস্বাদনৰ সুবিধা দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰা দৃষ্টিপাত অনুষ্ঠানত শ্ৰী প্ৰসাদ আৰু শ্ৰী বৰবৰাই অহা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ পূর্বালোকন আগবঢ়ায়। এইবাৰ মহোৎসৱলৈ নিৰ্বাচিত তিনিখন অসমীয়া ছবিয়ে জুৰি আৰু চলচ্চিত্ৰ ৰসিকসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমৰ্থ হ’ব বুলি তিনিওগৰাকী আলোচকে আশা প্রকাশ কৰে। আনহাতে চলচ্চিত্ৰ মহোৎসৱত ছবি বিপণন সন্দৰ্ভত বিশিষ্ট চলচ্চিত্র সমালোচক বিতোপন বৰবৰাই মন্তব্য আগবঢ়ায়।
Site Admin | November 17, 2024 11:46 AM | Dristipat-Akashvani GHY