ডাউনলোড
মোবাইল এপ

android apple
signal

অসমত কাইলৈৰ পৰা সম্পূর্ণতা অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা আৰম্ভ কৰা সম্পূর্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ’ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত, সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰপৰা এই অভিযান ৰূপায়ণ কৰা হ’ব। বর্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূর্ণতা অভিযান আৰম্ভ কৰিছে। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১ জুলাইত আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পর্যন্ত চলিব। নীতি আয়োগে আৰম্ভ কৰা এই অভিযানে নির্বাচিত জিলা আৰু উন্নয়ন খণ্ডৰ নিৰ্দিষ্ট সূচাংক পর্যন্ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই আঁচনিৰ জৰিয়তে চলি থকা আঁচনিসমূহৰ কাৰ্যসূচীৰ ক্ষেত্ৰত অবিৰত পৰ্যবেক্ষণেৰে ফলাফলৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব। সম্পূর্ণতা অভিযানে অভিলাষী জিলা আৰু অভিলাষী খণ্ডৰ উন্নয়নেৰে দেশৰ অন্য প্রান্তৰ উন্নয়নৰ সৈতে ব্যৱধান আঁতবোৱাৰ লগতে চকুত লগাকৈ সলনি কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ২০১৮ চনত দেশৰ সৰ্বাধিক উন্নয়নৰ সুফল নোপোৱা ১১২ খন জিলা সামৰি অভিলাষী জিলা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একেদৰে ২০২৩ চনত উন্নয়নৰ হাৰ সন্তোষজনক নোহোৱা ৫০০টা উন্নয়ন খণ্ড সামৰি অভিলাষী খণ্ড কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অভিলাষী জিলা কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিক সামৰি লৈছে। একেদৰে অভিলাষী খণ্ড কাৰ্যসূচীয়ে সামৰি লোৱা মূল পাঁচটা সূচাংক হ’ল- স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য সেৱা প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন। আনহাতে সম্পূর্ণতা অভিযানে মূলত ছটা সূচাংকৰ ওপৰত গুৰুত্ব দি ক্ষিপ্ৰতাৰে আটাইকেইটা দিশতে আঁচনিখনে সামৰি লোৱা জিলা তথা উন্নয়ন খণ্ডক এটা পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। অভিলাষী উন্নয়ন খণ্ডৰ ক্ষেত্ৰত এই সংকল্প অভিযানে সাঙুৰি লোৱাৰ ক্ষেত্ৰত সূচাংকসমূহ হ’ল- শতকৰা হাৰত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, শতকৰা হাৰত সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগানৰ সংখ্যা, শতকৰা হিচাপত চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ৷ আনহাতে অভিলাষী জিলা কাৰ্যসূচীৰ ক্ষেত্ৰত সংকল্প অভিযানে সাঙুৰি লোৱাৰ ক্ষেত্ৰত বাছনি সূচাংকসমূহ হ’ল- শতকৰা হাৰত প্ৰথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, শতকৰা হাৰত সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগানৰ সংখ্যা, আঁচনিভুক্ত জিলাসমূহৰ কৃষকৰ মাজত ছয়েল হেল্থ কার্ড বিতৰণ, শতকৰা হিচাপত শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা, শতকৰা হিচাপত বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ আৰু শতকৰা হিচাপত পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণ হাব। এই সম্পূর্ণতা অভিযানে ৰাজ্যৰ ১৩খন জিলা তথা ২০টা খণ্ডক সাঙুৰি লৈছে। ইয়াৰ ভিতৰত তামুলপুৰ, বৰপেটাৰ মন্দিয়া, কাছাৰৰ লক্ষীপুৰ, দৰঙৰ পূব মঙলদৈ, ধেমাজিৰ মুৰ্কংচেলেক, ধুবুৰীৰ বীৰছিং জাৰুৱা, ডিমা হাচাওব গিয়াং, ডিয়ুংৱা, জাতিংগা আৰু নতুন সংবৰ, গোৱালপাৰাৰ লক্ষীপুৰ, হাইলাকান্দিব দক্ষিণ হাইলাকান্দি, কাৰ্বি আংলঙৰ নিলিপ, ৰংবংৱে আৰু ছামেলাংছ’, দক্ষিণ শালমাৰা কাছাৰৰ ফেকামাৰী, ওদালগুৰিৰ ভেৰগাঁও, পশ্চিম কাৰ্বি আংলঙৰ আম্ৰি, ছিংথং, ছ’চেং।

অধিক পঢ়ক

সকলো চাওক